শীঘ্ৰপতন (premature ejection)

        যৌন মিলনৰ সময়ত যেতিয়া প্ৰথম বাৰ আপোনাৰ বীৰ্য ওলোৱাৰ ভাব মনলৈ আহে তেতিয়া আপুনি এটা ২০-৩০ চেকেণ্ডৰ সময় যৌনক্ৰিয়া বন্ধ কৰিব দিব লাগে, আকৌ আৰম্ভ কৰিব লাগে। এই সৰু উপাইটো কৰিও আপুনি সোনকালে বীৰ্যস্খলনৰ পৰা ৰক্ষা পাব পাৰে আৰু নিজৰ পাৰ্টনাৰক চৰম সুখৰ মুহুৰ্তৰ লৈকে লৈ যাব পাৰে।
        প্রচাব কৰোঁতে মাজে মাজে নিজৰ মুতখিনি ৰাখিব চেষ্টা কৰিব লাগে, এবাৰ ৰাখিব আকৌ প্রচাব এৰি দিব আকৌ এবাৰ ৰাখিব..এনেকৈ কৰি নিজৰ লিংগৰ মাংসপেশীৰ ওপৰত আপোনাৰ কংট্ৰল আহিব আৰু আপুনি বীৰ্য বেছি সময়লৈকে ৰাখিব পাৰিব।
        যোগ কৰা, শাৰীৰিক ব্যায়াম কৰাটো এটা ভাল যৌন-জীৱনৰ কাৰণে খুবেই দৰকাৰী, নিয়মীয়া কৈ শাৰীৰিক ব্যায়াম কৰি থাকিলে মাংসপেশী আৰু তেজৰ চলাচল ভাল হৈ থাকিব আৰু এটা সুখী বৈবাহিক জীৱন উপভোগ কৰিব পাৰিব।
        ৰাতি শুই থাকোতে ঢিলা পোছাক পৰিধান কৰিব লাগে, যিমান পাৰে কম কাপোৰ পিন্ধি শুব লাগে, নিপিন্ধাকৈ শুব পাৰিলেও ভাল।
নিচাযুক্ত দব্যৰ পৰা যিমান পাৰে আঁতৰত থকাটো ভাল, অত্যাধিক নিচাযুক্ত দব্যই যৌনশক্তি কমাই আনে।
        খাদ্যৰ তালিকাত বেছিভাগ শাক-পাচলি, ফলমূল ৰখাটো খুব দৰকাৰী, বজাৰত আৰু ৰাস্তাত পোৱা বেছি মচলা জাতীয় জাংক ফুড বিলাকেও আপোনাৰ যৌনশক্তি কমাই আনিব পাৰে, যিমান পাৰে কমকৈ খাব লাগে।
        আজি কালি বহুতেই চেক্স পাৱাৰ বঢ়াবৰ কাৰণে বজাৰৰ পৰা যিকোনো টেবলেট আনি ব্যৱহাৰ কৰা দেখা যায়, এইবিলাকত ডাক্তৰৰ পৰামৰ্শ লৈহে কিনি আনিব।
       এটা সুখী যৌন-জীৱন সকলোৱে বিচাৰে, ওপৰত কোৱা কথা বিলাক মানি চলি আপোনালোকে নিজৰ এটা সুস্থ যৌন-জীৱন পাব পাৰে, নিজৰ পতি/পত্নীৰ লগত সদায় উপভোগ কৰিব পাৰে। আৰু যিকোনো শাৰীৰিক বিসংগতি হলে ডাক্তৰৰ পৰামৰ্শ লব, বজাৰৰ পৰা নিজেই মেডিচিন আনি ব্যৱহাৰ নকৰিব।

Post a Comment

0 Comments